Posts

অনুৰোধ

Image
অনুৰোধ অনুৰাগ, হৃদয়খনক কাহানিও দৰ দাম নকৰিবা তুমি হয়তো নাজানা কবিৰ হৃদয় তেনেই ঠুনুকা হঠাতে সৰি পৰিব পাৰে কবিৰ জৱাফুলীয়া তেজগোৰা কলিজা...                                                                ✍️মৰমী মুদৈ                

এই চহৰ এৰি গুছি যাম

এই চহৰ এৰি গুছি যাম                   এই চহৰ এৰি গুছি যাম বহুদূৰলৈ... যিখন চহৰত বহুযুগ ধৰি পঢ়া নহয়  প্ৰেমৰ ধাৰাপাঠ... যিখন চহৰৰ ক্ৰংক্ৰিটৰ দেৱালত খুন্দা খাই উভতি আহে দুখী মানুহৰ বুকুভঙা আৰ্তনাদ... এই চহৰ এৰি গুছি যাম বহুদূৰলৈ... যিখন চহৰৰ আলিয়ে গলিয়ে কৃষ্ণচূড়াৰ তেজফুলে নেমেলে পাহি... যিখন চহৰৰ লেতেৰা ডাষ্টবিনত  মলঙি যায় ভোকাতুৰৰ এমুঠি হাঁহি... এই চহৰ এৰি গুছি যাম বহুদূৰলৈ... যিখন চহৰত বুকুয়ে বুকুয়ে উষ্ণ উশাহত কেতিয়াও নাবাজে প্ৰেমৰ বাঁহী.. যিখন চহৰৰ নিস্তব্ধ পথটোত ঢেকুৰা কুকুৰকেইটাই কথা পাতে মানুহবোৰ জীয়াই আছেনে আগৰদৰে নে জী থকাৰ মুখা পিন্ধি ঘূৰি ফুৰিছে এজাক মুণ্ডহীন অশৰিৰী... ✍️মৰমী মুদৈ                  04/05/2021

It's my own time

It's my own time অপ্ৰাপ্তি বোৰ লিখোতে লিখোতে এখন অজশ্ৰ পৃষ্ঠাৰ কিতাপ হ'ল... কথাবোৰ পাতোতে পাতোতে নিশাটো গণিব নোৱাৰাকৈ দীঘলীয়া হ'ল... আস!সময়বোৰ এনেই গ'ল কাকো একো বুজাব,কাকো একো দিয়াই নহ'ল এতিয়া যাবৰ হ'ল ব্যস্ততা সামৰি... সমাধিৰ দুৱাৰত আৰি দিয়া হওক নিৰ্দিষ্ট এখনি ফলক "Don't disturb me Its my own time"              ✍️মৰমী মুদৈ              10.06.2021