It's my own time
It's my own time
অপ্ৰাপ্তি বোৰ লিখোতে লিখোতে
এখন অজশ্ৰ পৃষ্ঠাৰ
কিতাপ হ'ল...
কথাবোৰ পাতোতে পাতোতে
নিশাটো গণিব নোৱাৰাকৈ দীঘলীয়া হ'ল...
আস!সময়বোৰ
এনেই গ'ল
কাকো একো বুজাব,কাকো একো
দিয়াই নহ'ল
এতিয়া যাবৰ হ'ল
ব্যস্ততা সামৰি...
সমাধিৰ দুৱাৰত আৰি দিয়া হওক
নিৰ্দিষ্ট এখনি ফলক
"Don't disturb me
Its my own time"
✍️মৰমী মুদৈ
10.06.2021
Comments
Post a Comment