এই চহৰ এৰি গুছি যাম
এই চহৰ এৰি গুছি যাম
এই চহৰ এৰি গুছি যাম
বহুদূৰলৈ...
যিখন চহৰত বহুযুগ ধৰি
পঢ়া নহয়
প্ৰেমৰ ধাৰাপাঠ...
যিখন চহৰৰ ক্ৰংক্ৰিটৰ দেৱালত
খুন্দা খাই উভতি আহে
দুখী মানুহৰ বুকুভঙা আৰ্তনাদ...
এই চহৰ এৰি গুছি যাম
বহুদূৰলৈ...
যিখন চহৰৰ আলিয়ে গলিয়ে
কৃষ্ণচূড়াৰ তেজফুলে
নেমেলে পাহি...
যিখন চহৰৰ লেতেৰা ডাষ্টবিনত
মলঙি যায় ভোকাতুৰৰ
এমুঠি হাঁহি...
এই চহৰ এৰি গুছি যাম
বহুদূৰলৈ...
যিখন চহৰত বুকুয়ে বুকুয়ে
উষ্ণ উশাহত কেতিয়াও
নাবাজে প্ৰেমৰ বাঁহী..
যিখন চহৰৰ নিস্তব্ধ পথটোত
ঢেকুৰা কুকুৰকেইটাই
কথা পাতে
মানুহবোৰ জীয়াই আছেনে
আগৰদৰে
নে জী থকাৰ মুখা পিন্ধি
ঘূৰি ফুৰিছে এজাক
মুণ্ডহীন অশৰিৰী...
✍️মৰমী মুদৈ
04/05/2021
Comments
Post a Comment